Citizenship Amendment Bill 2016 PDF in Assamese-Know About CAB 2016 [নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬]

Citizenship Amendment Bill 2016 PDF in Assamese

Citizenship Amendment Bill 2016 PDF in Assamese


What is the Citizenship Amendment Bill 2016?

The Citizenship Amendment Bill 2016 was proposed in Lok Sabha on July 19, amending the Citizenship Act of 1955.

Why CAB 2016 Called Amendment ?

Citizenship Amendment Bill 2016 is the amending of the Citizenship Act of 1955. Now we should know What is Citizenship Act 1955.

What is the Citizenship Act 1955?


  • Under Article 9 of the Indian Constitution, a person who voluntarily acquires citizenship of any other country is no longer an Indian citizen
  • Persons born outside India on or after January 26, 1950, but before December 10, 1992, are citizens of India by descent if their father was a citizen of India at the time of their birth
  • From December 3, 2004, onwards, persons born outside of India shall not be considered citizens of India unless their birth is registered at an Indian consulate within one year of the date of birth
  • In Section 8 of the Citizenship Act 1955, if an adult makes a declaration of renunciation of Indian citizenship, he loses Indian citizenship



Who is an illegal immigrant?

According to the Citizenship Act 1955, an illegal immigrant is defined as a person who enters India without a valid passport or stays in the country after the expiry of the visa permit. Also, the immigrant who uses false documents for the immigration process.

What are the guidelines to become an Indian citizenship?

Citizenship is granted to an individual by the government of the country when he/she complies with the legal formalities, so it's like a judicial concept.
In India, the Citizenship Act, 1955 prescribes five ways of acquiring citizenship:


  • Birth
  • Descent
  • Registration
  • Naturalization
  • Incorporation of the territory.

Citizenship Amendment Bill 2016 Effect

If this CAB 2016 is passed in the Parliament, refugees from minority communities, namely, Hindu, Jain, Buddhist, Sikhs, Parsi or Christian coming from Afghanistan, Bangladesh, and Pakistan will be eligible for Indian citizenship. 

The Bill relaxes the requirement of residence in India from 11 years to 6 years for these migrants.

The Union Cabinet cleared the Citizenship (Amendment) Bill for Parliament on December 4, 2019. The next likely stage is for the Bill to be submitted in the Lok Sabha for clearance

Current Status of CAB 2016

CAB 2016 was introduced in Lok Sabha on July 19, 2016. It was referred to the Joint Parliamentary Committee on August 12, 2016. The Committee submitted its report on January 7, 2019.

The Bill was passed in the Lok Sabha on 8 January 2019, after it was introduced by Home Minister Rajnath Singh. It will now be tabled in the Rajya Sabha in the Budget Session.The Citizenship Amendment bill 2016 is likely to lapse on 3 June 2019 as the terms of this Lok Sabha ends.

The Union Cabinet cleared the Citizenship (Amendment) Bill for Parliament on 4th December, 2019. The Bill is now likely to be submitted in the Lok Sabha for clearance within  10th December 2019.


Citizenship Amendment Bill 2016 PDF in Assamese


নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ হৈছে নাগৰিকত্ব আইন, ১৯৫৫-ৰ সংশোধিত ৰূপ। 2019- জুলাই মাহত লোকসভাত অনা নাগৰিকত্ব সংশোধনী বিধেয়ক ‘২০১৬ (The Citizenship Amendment Bill 2016) এ আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ কিছু সংখ্যালঘু জাতিৰ অবৈধ অনুপ্ৰবেশকাৰীক ভাৰতীয় নাগৰিকত্ব দিব বিচাৰিব৷ অন্য কথাত ই Citizenship Act of 1955 ক সংশোধন কৰিব ৷

ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫


  • ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫ অনুসৰি ভাৰতীয় নাগৰিকত্ব বিচাৰ কৰা হয়। এজন ব্যক্তিয়ে জন্মসূত্ৰে বা পিতৃ-মাতৃ ভাৰতীয় হ'লে ভাৰতীয় নাগৰিকত্ব লাভ কৰে। অবৈধ অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব দিয়া নহয়। অবৈধ অনুপ্ৰৱেশকাৰী হ'ল সেইসকল যিয়ে বৈধ নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিছে বা নথিপত্ৰত থকা সময় উকলি যোৱাৰ পিছতো ভাৰতত আছে।
  • অবৈধ অনুপ্ৰৱেশকাৰীক বিদেশী আইন, ১৯৪৬ আৰু পাছপৰ্ট আইন, ১৯২০-ৰ জৰিয়তে ভাৰতৰ পৰা বাহিৰ কৰি পঠোৱা হয়। এই দুখন আইনে বিদেশীৰ ভাৰতত প্ৰৱেশ, বসতি আৰু প্ৰস্থান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰক ক্ষমতা প্ৰদান কৰে। 

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ 


  • নাগৰিকত্ব সংশোধনী বিধেয়কে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগলৈকে চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টিয়ানসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিব। তেওঁলোকৰ ক্ষেত্ৰত উপৰোক্ত আইন দুখন প্ৰযোজ্য নহব। ইছলাম ধৰ্মৰ লোকসকলক ইয়াত অন্তৰ্ভূক্ত কৰা হোৱা নাই।
  • তদুপৰি এই বিধেয়ক অনুসৰি ভাৰতত নাগৰিকত্ব পাবলৈ থাকিবলগীয়া ন্যুনতম সময় ১১ বছৰৰ পৰা ৬ বছৰলৈ হ্ৰাস কৰিব

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আৰু ভাৰতীয় জনতা পাৰ্টি

ভাৰতীয় জনতা পাৰ্টিয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তেই চুবুৰীয়া ৰাষ্ট্ৰত নিৰ্য্যাতিত হিন্দুসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ কথা ঘোষণা কৰিছিল। সেই ঘোষণাক বাস্তৱত পৰিণত কৰিবলৈ বিধেয়কখন ২০১৬ চনৰ ১৯ জুলাইত লোকসভাত উত্থাপন কৰা হয়। তাৰ পিছত সেই বছৰৰে ১১ আগষ্টত যুটীয়া সংসদীয় সমিতি গঠন কৰি বিধেয়কখনৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হয়।

অসমৰ দল সংগঠনে কিয় ইয়াৰ বিৰোধিতা কৰিছে?


নাগৰিকত্ব সংশোধনী বিধেয়কখনে ১৯৮৫ চনৰ অসম চুক্তিৰ অৱমাননা কৰে৷ যি চুক্তিত ২৫ মাৰ্চ ১৯৭১ চনৰ পিছৰ সকলো অবৈধ বাংলাদেশীক দেশৰ পৰা বিতাৰিত কৰাৰ কথা আছিল৷
। কিন্তু সংশোধনী বিধেয়কখনে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ অহা অমুছলমানসকলক নাগৰিকত্ব দিব। যিটো অসম চুক্তিৰ পৰিপন্থী হব।

দ্বিতীয়টো বিতৰ্ক হৈছে ভাৰতৰ সংবিধানৰ ১৪ নম্বৰ অনুচ্ছেদৰ উলংঘা। ১৪ নং অনুচ্ছেদে সমতাৰ অধিকাৰ প্ৰদান কৰে। কিন্তু বিধেয়কখনে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দি বৈষম্য আনিব।

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ অৰ বিৰোধিতা 


আৰম্ভণিৰ পৰাই বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অসমত বিভিন্নধৰণে প্ৰতিবাদ হৈ আহিছে। ৭ জানুৱাৰী ২০১৯ত অসমত বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদে বিজেপিৰ সৈতে থকা মিত্ৰতা ভংগ কৰে।৭ জানুৱাৰীৰ দিনাখনেই ১৩ জন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই দিল্লীত নগ্ন হৈ অভূতপূৰ্ব প্ৰতিবাদ সাব্যস্ত কৰে।[ ৮ জানুৱাৰীৰ দিনা উত্তৰ পূব ছাত্ৰ সংগঠনৰ সহযোগত গোটেই উত্তৰ পূৰ্বাঞ্চলত ১১ ঘণ্টীয়া বন্ধ পালন কৰা হয়।সংগীতজ্ঞ জুবিন গাৰ্গৰ নেতৃত্বত ১৭ জানুৱাৰী শিল্পী দিৱসৰ দিনা “শিল্পীৰ সংকল্প” নামৰ অনুষ্ঠান পাতি বহুকেইজন শিল্পীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে।

জুবিন গাৰ্গে বিধেয়কখনৰ বিৰোধিতাৰে “পলিটিক্স নকৰিবা বন্ধু” নামৰ গীত এটা ৰচনা কৰে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন কাৰ্যসূচী গ্ৰহণ কৰে। 

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত অসম আৰু উত্তৰ-পূৱত তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে কেবিনেটৰ বৈঠকত বিধেয়কখনে অনুমোদন লাভ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসম চুক্তিৰ স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাই মঙলবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এখন বৈঠকত অংশ লৈছিল যদিও বৈঠকৰ অন্তত আছু নেতৃত্বই যথেষ্ট উষ্মাৰে কেবৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিছিল।

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আৰু যুটীয়া সংসদীয় সমিতি

ৰাজেন্দ্ৰ আগৰৱালে সভাপতিত্ব কৰা সমিতিখনত মুঠতে ৩০ জন সদস্য আছিল। তাৰে লোকসভাৰ সদস্য আছিল ২০ জন আৰু ৰাজ্যসভাৰ ১০ জন।
সভাপতিৰ বাহিৰেও ১৪ জন সদস্য বিজেপিৰ পৰা আছিল। বাকীসকল সদস্যৰ ভিতৰত কংগ্ৰেছৰ ৪ জন, টিএমচি আৰু বিজেডিৰ ২ জনকৈ আৰু শিৱসেনা, টি.আৰ.এচ, টি.ডি.পি, এ.আই.এ.ডি.এম.কে, এচ.পি আৰু বি.এচ.পিৰ এজনকৈ সদস্য আছিল।
সমিতিৰ ১৬ জনকৈ সদস্যৰ এটা দলে ২০১৮ চনৰ ৭ মে’ৰ পৰা ১০ মে’লৈ অসম আৰু মেঘালয় ভ্ৰমণ কৰে। লগতে ৭ মে’ৰ দিনা খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত ৰাজহুৱা শুনানি অনুষ্ঠিত কৰি বিভিন্ন দল-সংগঠনৰ মতামত গ্ৰহণ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আৰু যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদন

যুটীয়া সংসদীয় সমিতিয়ে ৭ জানুৱাৰী ২০১৭ত বিধেয়কখন অনুমোদন জনাই লোকসভাত প্ৰতিবেদন দাখিল কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ লোকসভাত গৃহীত

৮ জানুৱাৰী ২০১৯ৰ দুপৰীয়া ২:১০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিধেয়কখন লোকসভাত উত্থাপন কৰে। ইয়াৰ পিছত শাসক আৰু বিৰোধীৰ মাজত তুমুল তৰ্ক-বিতৰ্ক হয়। তাৰ পিছতেই বিৰোধী দলৰ সাংসদসকলে সদন ত্যাগ কৰাৰ সুযোগতেই শাসক দল বিজেপি আৰু মিত্ৰদলসমূহৰ সমৰ্থনত বিধেয়কখন গৃহীত হয়।

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰাজ্যসভা


২০১৯ চনৰ ১১ ফেব্ৰুৱাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰাজ্যসভাত উপস্থাপন কৰাৰ পৰিকল্পনা কৰা হয় আৰু সেই সময়তেই সমগ্ৰ উত্তৰ পুবত প্ৰতিবাদৰ জোঁৱাৰ উঠে। ইম্ফলত ১২ ফেব্ৰুৱাৰীত পৰৱৰ্তী আদেশ নোপোৱালৈ ১৪৪ ধাৰা লগোৱা হয়। মিজোৰামত ‘ক’লা দিৱস’ পালন কৰি বিলখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হয়। ১০ ফেব্ৰুৱাৰীৰ দিনা মেঘালয়ৰ মূখ্যমন্ত্ৰী কনৰাড চাংমাই বিধেয়কখন গৃহীত হ’লে তেওঁৰ দলে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিব বুলি ভাবুকি দিয়ে। ১১ ফেব্ৰুৱাৰীৰ দিনাখন উত্তৰ পূবৰ গোটেইকেইখন ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ সৈতে গৃহমন্ত্ৰী ৰাজনাথ সিং বিধেয়কখনৰ প্ৰসংগত আলোচনাত মিলিত হোৱাৰ কথা আছিল যদিও সেই সভাখন বাতিল কৰা হয়।

কিন্তু চৰকাৰে বিধেয়কখন ৰাজ্যসভাত উপস্থাপন নকৰিলে আৰু ১৩ ফেব্ৰুৱাৰীৰ দিনা ৰাজ্যসভাৰ অধিৱেশনৰ সমাপ্তি ঘোষণা কৰা হয়। যাৰ ফলত বিধেয়কখন আইনত পৰিৱৰ্ত্তিত হোৱাৰ আশা সাময়িকভাৱে স্থগিত হৈ পৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ অৰ শেহতীয়া খবৰ 

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত সংসদভৱনত অনুষ্ঠিত হোৱা কেবিনেটৰ বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনোৱা হয়। অহা ৯ আৰু ১০ ডিচেম্বৰত বিধেয়কখন ক্ৰমে লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে 

ষষ্ঠ অনুসূচীৰ এলেকা তথা ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য সমূহত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নোহোৱাৰ কথা উল্লেখ আছে ।


Citizenship Amendment Bill 2016 in Assamese

‘নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ হ’ল ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ সংশোধনীৰ এক বিধেয়ক। এই বিধেয়কখন ২০১৬ চনৰ ১৯ জুলাইত প্ৰথম উত্থাপন কৰা হৈছিল। বৰ্তমান অসম তথা উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ বিৰোধিতা কৰা এই বিধেয়কখনৰ জৰিয়তে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ কিছু সংখ্যালঘু জাতিৰ অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতীয় নাগৰিকত্ব দিব বিচৰা হৈছে।

কোনো বিদেশী নাগৰিকে ভাৰতত বাস কৰাৰ সময়সীমা ১১ বছৰ হ’লেহে পূৰ্বতে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে। কিন্তু এই বিধেয়কৰ জৰিয়তে এই নিয়ম সলনি কৰি ইয়াৰ সময়সীমা ৬ বছৰ কৰিব বিচৰা হৈছে। এই বিধেয়কখনে কিন্তু মুছলমানৰ বাদে খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন, পাৰ্ছী আদি লোকৰ লগতে বিশেষতঃ হিন্দু লোকক নাগৰিকত্ব দিবলৈ বিচাৰিছে।

ভাৰতীয় সংবিধান অনুসৰি এজন লোকক ভাৰতীয় নাগৰিক বুলি গণ্য কৰা হয় যদিহে-

১. জন্মসূত্ৰে তেওঁ ১৯৫০ চনৰ ২৬ জানুৱাৰী বা তাৰ পাছত ভাৰতত জন্ম হয়।

২. দ্বিতীয়তে পিতৃ-মাতৃ ভাৰতীয় নাগৰিক হ’লে তেওঁ ভাৰতীয় নাগৰিক হ’ব।

৩. ভাৰতীয় নাগৰিকত্ব বিধি অনুসৰি (১৯৮৬ চনৰ ভাৰতীয় নাগৰিকত্ব আইন অনুসৰি) আবেদন জনাই ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে।

৪. কোনো বিদেশীয়ে স্বাভাৱিক প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিক হিচাপে থাকিবলৈ আবেদন জনালে আৰু চৰকাৰে সেই আবেদনত অনুমোদন দিলে তেওঁ ভাৰতীয় নাগৰিক হ’ব পাৰে।

৫. কোনো নতুন অঞ্চল ভাৰতৰ ভৌগলিক সীমাত অন্তৰ্ভূক্ত হ’লে সেই অঞ্চলৰ বাসিন্দা সকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব।

ভাৰতৰ সংবিধানত নাগৰিকত্ব এক ডাঙৰ বিষয়। ভীমৰাও আম্বেদকাৰে নাগৰিকত্ব সন্দৰ্ভত সংবিধানত মন্তব্য কৰিছে- কোনো লোক জন্মসূত্ৰে ভাৰতীয় হ’লে, যদিহে তেওঁৰ পিতৃ-মাতৃ বৈধ ভাৰতীয় তেন্তে তেওঁ ভাৰতীয় নাগৰিক। তাৰ উপৰিও পূৱ পাকিস্তান, পশ্চিম পাকিস্তান আৰু আফগানিস্তানৰ কোনো ধৰ্মীয় সংখ্যালঘু লোকে উক্ত দেশৰ নাগৰিকৰ প্ৰমান পত্ৰসহ ১১ বছৰ ভাৰতত বাস কৰিলে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব।

এই নাগৰিকত্ব আইন ১৯৫৫ত উল্লেখিত পূৱ পাকিস্তান, ধৰ্মীয় সংখ্যালঘু শব্দই এতিয়া সমস্যাৰ সৃষ্টি কৰিছে। কিয়নো ১৯৭১ চনত পূৱ পাকিস্তান বাংলাদেশ ৰূপে এখন পৃথক ৰাষ্ট্ৰ হ’ল। যাৰ বাবে বাংলাদেশৰ কোনো নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন কৰাৰ কোনো অৱকাশ নাই।

এই বিধেয়কে ‘অভাৰচিছ চিটিজেন কাৰ্ডহোল্ডাৰ’ৰ ৰেজিষ্ট্ৰেশ্যন চমুকৈ অ চি আইৰ নিয়মো ভংগ কৰিব। ভাৰত এনে এখন দেশ যিখন দেশে বহু বিদেশী নাগৰিকৰ বোজা লৈ আছে। তাৰ ভিতৰত অসমত এই বোজা সৰ্বাধিক। ইতিমধ্যে ভাৰতত ইৰান, বাংলাদেশ, শ্ৰীলংকা, পাকিস্তান, আফগানিস্তান, তীব্বত আদি দেশৰ বহু অনুপ্ৰৱেশকাৰী আছে।

পূৱ বংগৰ পৰা অহা শৰনাৰ্থীসকল পশ্চিম বংগ, বৰাক উপত্যকা আৰু ত্ৰিপুৰাত বসবাস কৰি আছে। বেছিভাগ শৰনাৰ্থী এই ঠাই সমূহত থকাৰ বিপৰীতে অতি কম সংখ্যক শৰনাৰ্থীহে অন্য ৰাজ্যই লয়। সেই সময়ত পূৱ বংগৰ পৰা অহা লোকসকলৰ কিছু অংশক দিল্লী, ওড়িশা, মধ্যপ্ৰদেশতো সংস্থাপন কৰা হৈছিল। বংগমূলীয় শৰনাৰ্থী থকা ৰাজ্য সমূহৰ ভিতৰত অসম আৰু পশ্চিম বংগতে বেছি সংখ্যকে বসবাস কৰিছিল।

ভাৰতীয় সংবিধানৰ ৫/১১ অনুচ্ছেদত নাগৰিকত্বৰ কথা উল্লেখ আছে। সংবিধানে ভাৰতীয় সংসদত নাগৰিকত্ব আইন গ্ৰহণৰ ক্ষমতাও দিছিল। ১৯৫৫ চনত এই আইন সংসদত গৃহীত হৈছিল। য’ত ৫টা প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব বুলি উল্লেখ আছে। কিন্তু ২০১৬ চনত লোকসভাত উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কত কেইটামান নিৰ্দিষ্ট ধৰ্মৰ লোকক ভাৰতীয় নাগৰিক হোৱাৰ সুবিধা দিয়াৰ বাবে যি প্ৰচেষ্টা লোৱা হৈছে সেই প্ৰচেষ্টাই সংবিধানৰ ১৪ নং অনুচ্ছেদত থকা সম অধিকাৰ ভংগ কৰিব।


Credit :তথ্য সংগ্ৰহ  :Internet, Books

Share: